সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যই একোটা জনগোষ্ঠীৰ জীৱনীশক্তি। সোনোৱাল কছাৰী জনগোষ্ঠীৰ নিজস্ব ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যই বৃহত্তৰ অসমীয়া জাতিসত্তাৰ মাজত এই জনগোষ্ঠীক এক স্বকীয় মৰ্যাদা আৰু বলিষ্ঠ পৰিচয় প্ৰদান কৰিছে। অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত সোনোৱাল কছাৰী সমাজৰ বহু প্ৰতিভাশালী কবি, সাহিত্যিক, গৱেষক আৰু লেখকে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।
এই ঐতিহ্যক সংৰক্ষণ, সংবর্ধন আৰু নতুন প্ৰজন্মৰ মাজত অধিক বিকশিত কৰাৰ লক্ষ্যৰে সোনোৱাল কছাৰী সাহিত্য সভাই সুদূৰপ্ৰসাৰী পৰিকল্পনা গ্ৰহণ কৰিছে। উদীয়মান লেখক-সাহিত্যিকসকলক উৎসাহিত কৰাৰ লগতে মূল্যৱান সাহিত্য-সম্পদ সংৰক্ষণ আৰু প্ৰকাশৰ ক্ষেত্ৰতো সভাই এক আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে। সাহিত্য সভাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি প্ৰাথমিক পৰ্যায়ত অর্ধশতাধিক গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। ভৱিষ্যতত শতাধিক গ্ৰন্থ প্ৰকাশ কৰি সোনোৱাল কছাৰী সাহিত্যক অধিক সমৃদ্ধ কৰাৰ বাবে সভা দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ। এই মহৎ কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে গ্ৰন্থসমূহ প্ৰকাশৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাত সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, এই সহযোগিতাই আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশত এক নতুন দিগন্ত উন্মোচন কৰিব। ধন্যবাদ।
সাহিত্য জাতিৰ দাপোন স্বৰূপ। কাৰণ সাহিত্যৰ দাপোনত এটা জাতিৰ গৌৰৱ, যশস্যা, স্বাভিমান, ইতিহাস, সমাজ-সংস্কৃতি ভাষা সাহিত্যৰ সমলসমূহ প্রতিফলিত হয়। অসমৰ ভূমিপুত্ৰ সোনোৱাল কছাৰীসকলৰ সাহিত্য সংস্কৃতিৰ সমল আৰু ইতিহাস মেটমৰা সম্ভাৰেৰে সমৃদ্ধ। কিন্তু সংৰক্ষণ, সংবর্ধন আৰু চর্চ্চাৰ অভাৱত সেই মেটমৰা সম্ভাৰসমূহ থাকিও নথকাৰ দৰে হৈছে। সকলো অতীতৰ গৰ্ভত হেৰাই যোৱাৰ উপক্রম হৈছে। সোনোৱাল কছাৰী জাতিৰ সাহিত্যৰ দাপোনত যাতে এই হেৰাই যাবলৈ ধৰা সমলসমূহক উদ্ধাৰ কৰি প্ৰতিফলিত কৰিব পৰা হয়-সেই উদ্দেশ্যৰেই সোনোৱাল কছাৰী সাহিত্য সভাৰ জন্ম। অসম সাহিত্য সভা গঠনৰ এশ বছৰৰ পাছত পলমকৈ হ'লেও গঠিত সোনোৱাল কছাৰী সাহিত্য সভাই সোনোৱাল কছাৰী সমাজত সামাজিক- সাংস্কৃতিক, বৌদ্ধিক দিশত এক ইতিবাচক কৰ্মৰ যোগেদি স্ব জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।
ইতিমধ্যে এটা বছৰত ভৰি দিয়া সোনোৱাল কছাৰী সাহিত্য সভাই পর্যায়ক্রমে ইতিহাস প্রণয়ন, অধুনালুপ্ত হোৱা ভাষাটোৰ শব্দসমূহ সংগ্রহ কৰি তিনিটা ভাষাত সোনোৱাল ভাষা, মান্য অসমীয়া আৰু ইংৰাজী ভাষাত প্রণয়ন, লোক সাহিত্যৰ সমলসমূহ সংগ্রহ কৰি সোনোৱাল কছাৰী গীতি সংগ্রহ প্রকাশ, জীবনীমূলক গ্রন্থ 'বৰেণ্য সোনোৱাল' সোনোবাল সমাজৰ অয়লাসগত আৰু জীৱিত স্বনামধন্য ব্যক্তিৰ জীৱনীক লৈ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে, স্ব-গোষ্ঠীয় ভাষাত ৰচিত গ্রন্থ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে, সোনোৱাল জনগোষ্ঠীৰ লেখকৰ দ্বাৰা প্রকাশিত মূল গ্রন্থসমূহ ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা, স্বগোষ্ঠীয় ভাষা আৰু মান্য অসমীয়া ভাষাত মৌলিক গ্রন্থ প্রকাশ, সোনোৱাল কছাৰীসকলৰ প্রাচীন সাহিত্য আৰু লোক-সংস্কৃতিৰ অনুসন্ধান সংগ্রহ, গৱেষণা আৰু প্রকাশ, নৱ প্ৰজন্মৰ লেখক-লেখিকাসকলক সাহিত্য কৰ্মৰ প্ৰতি উদ্দ্গণি যোগোৱা আৰু বিশিষ্ট লেখনিসমূহ প্রকাশ কৰা, ভাষা-সাহিত্য-সংস্কৃতিৰ আঁচুতীয়া গৱেষণা বিভাগ এটি সভাৰ কেন্দ্রীয় কার্যালয়ৰ লগতে স্থাপন কৰা, অসমৰ অন্যান্য জনগোষ্ঠীৰ সাহিত্য সভাৰ সৈতে সম্ভাৱ, সুসম্পৰ্ক ৰক্ষা কৰি সম্প্ৰীতিৰ মৈত্রী বন্ধন সুদৃঢ় কৰা আদি বিভিন্ন দিশ সাঙুৰি পুথি প্রকাশৰ এক দীর্ঘম্যাদী আঁচনি গ্রহণ, আন্তঃগাঁথনিসমূহ নিৰ্মাণ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। সোনোৱাল কছাৰী জনগোষ্ঠীৰ এই উত্তৰণমুখী যাত্ৰাত সাহিত্য সভাৰ লগতে অসমৰ সমূহ সোনোৱাল কছাৰী শুভাকাংক্ষী ৰাইজৰ সহায়-সহযোগ আৰু আর্শীবাদ আমি অতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আশা কৰিছোঁ আমাৰ আশা আৰু প্রত্যাশাই জনগোষ্ঠীটোৰ সর্বাংগীণ বিকাশৰ সম্ভাৱনাৰ ক্ষেত্ৰসমূহ অধিক জীপাল কৰি তুলিব।
জয় জয়তে সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বার্ষিক প্রতিষ্ঠা দিৱসৰ শুভক্ষণৰ (১৩ মে') এই পবিত্র দিনটোত সোনোৱাল কছাৰীৰ সমূহ সাহিত্যপ্রেমী শ্ৰদ্ধাৰ ব্যক্তিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ এশ বছৰৰ পিছত যিসকল পুৰোধা ব্যক্তিৰ ঐকান্তিক প্রচেষ্টা, নিষ্ঠা আৰু দূৰদৰ্শিতাৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা সম্ভৱ হৈছিল, সেইসকল মহান ব্যক্তিলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ মহান অৱদান আৰু ত্যাগ সদায় আমাৰ বাবে প্ৰেৰণা আৰু দিশ-নির্দেশক হৈ থাকিব। লগতে, সভাৰ প্রতিষ্ঠাকালৰ সৈতে জড়িত যিসকল শ্ৰদ্ধাৰ পুৰোধা ব্যক্তি আজি আমাৰ মাজত নাই, তেওঁলোকৰ স্মৃতিত গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অৱদান চিৰদিনে আমাৰ অন্তৰত অম্লান হৈ ৰ'ব।
সাহিত্য সভাৰ প্ৰথম কার্যকালত শিশু অৱস্থাত থকা সভাখনক সযত্নে তুলি-তালি ডাঙৰ-দীঘল কৰি ২০২১ চনৰ ঐতিহাসিক ডিব্রুগড় অধিবেশনত নবীন-প্রবীণ সাহিত্যিকসকলৰ প্রায় ৩৮ খন গ্রন্থ প্রকাশ কৰি জাতিটোৰ মাজত এক গ্রন্থ-বিপ্লৱৰ সূচনা কৰা হৈছিল। সেই অধিবেশনতেই দ্বিতীয় কার্যকালৰ বাবে নতুন কেন্দ্রীয় সমিতি গঠন কৰি সাহিত্য সভাক অধিক গতিশীল কৰি দুবছৰত বিভিন্ন উল্লেখযোগ্য কাৰ্যসূচী ৰূপায়ন কৰা হয়। দ্বিতীয় কার্যকালৰ আৰম্ভণিৰ পৰাই জনগোষ্ঠীটোৰ চাৰিজন বৰেণ্য ব্যক্তি ক্রমে শ্রদ্ধাৰ প্রয়াত গগন চন্দ্র সোনোৱাল, দণ্ডিধৰ ফাটোৱালী, যোগেশ দাস আৰু ৰজনীকান্ত হাজৰিকাৰ মৃত্যু তিথি অসমৰ বিভিন্ন সোনোৱাল অধ্যুষিত জিলাত স্মৃতি দিৱস উদ্যাপন কৰাৰ সমান্তৰালভাৱে সাংগঠনিক কার্যসূচীসমূহো সফলতাৰে ৰূপায়ন কৰা হৈছে। তদুপৰি, দ্বিতীয় কার্যকালত জনগোষ্ঠীটোৰ মাজত পূর্বে সৃষ্টি নোহোৱা গ্রন্থ প্রকাশৰ সংকল্প গ্রহণ কৰা হৈছিল। সেই অনুসৰি নতুন চিন্তা আৰু সুদূৰপ্ৰসাৰী পৰিকল্পনাৰে ধেমাজি অধিবেশনত মুঠ ২৮ খন গ্রন্থ প্রকাশ কৰা হয়। এই কার্যকালতে "বৰেণ্য সোনোৱাল" শীর্ষক দুটা খণ্ড প্রকাশ কৰিবলৈ সক্ষম হওঁ। উক্ত দুটা খণ্ডত অন্তর্ভুক্ত নোহোৱা সোনোৱালৰ পুৰোধা ব্যক্তিসকলক সামৰি পুনৰ তৃতীয় খণ্ড প্রকাশৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। লগতে প্রতিষ্ঠা দিৱস লগত সংগতি ৰাখি সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানৰ লৈকে যিসকল সন্মানীয় সদস্যই দায়িত্বভাৰ নিষ্ঠা সহকাৰে গ্ৰহণ কৰিলে আৰু বর্তমানেও গধুৰ দায়িত্ব লৈ জননী আৰু ভাষা-সাহিত্যৰ হকে সেৱা কৰি আছে সেই সকল সতীৰ্থৰ চমু জীৱনপঞ্জী সামৰি "বর্ণিল যাত্ৰাৰ সেনানী (২০১৭-২০২৬) সোনোৱাল কছাৰী সাহিত্য সভা" নামেৰে এখন ঐতিহাসিক গ্রন্থ প্রকাশ কৰিবলৈ পদক্ষেপ গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে সভাৰ যোৱা কার্যকালত দুখন উল্লেখযোগ্য ইংৰাজী ভাষাৰ গ্রন্থও প্রকাশ কৰিবলৈ সক্ষম হওঁ। পূর্বতে সোনোৱাল সাহিত্যত কোনো ধৰণৰ ইংৰাজী ভাষাৰ গ্ৰন্থ প্রকাশ হোৱা নাছিল। বৰ্তমানৰ কাৰ্যকালত পুনৰ তৃতীয়খন ইংৰাজী গ্রন্থ প্ৰকাশ কৰাৰ লগতে দুখন নতুন গ্রন্থও প্রকাশ কৰা হয়। তদুপৰি সোনোৱাল কছাৰীৰ ইতিহাস প্রণয়নৰ বাবে প্রস্তুতি চলাই থকা বিপৰীতে পূর্ণাংগ শব্দ কোষ আৰু ব্যাকৰণ প্ৰণয়ন কৰিবলৈও শিক্ষাবিদক দায়িত্ব অর্পণ কৰা হৈছে। সাংস্কৃতিক দিশতো জাতিটোৰ কৃষ্টিৰ পথাৰখনক চহকী কৰিবলৈ প্রয়োজনীয় কর্মসূচীৰ ৰূপায়ন কৰিবলৈ প্ৰয়াস কৰা হৈছে। চাওঁতে চাওঁতে সোনোৱাল কছাৰী সাহিত্য সভাই নবম বর্ষত পদার্পণ কৰিলে। এই বৰ্ষত কেন্দ্রীয় সমিতিয়ে ঢকুৱাখনা অঞ্চলৰ কেকুৰী শাখা সমিতিৰ সহযোগত অহা ১৩ মে' ২০২৬ তাৰিখে কেকুৰী কছাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্রংগণত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বার্ষিক প্রতিষ্ঠা দিবস উদ্যাপনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই প্রতিষ্ঠা দিৱসতে উল্লিখিত দুয়োখন গ্রন্থ উন্মোচন কৰা হ'ব। আশা কৰোঁ, এই দুয়োখন গ্রন্থই জনগোষ্ঠীটোৰ বৌদ্ধিক জগতত এক উল্লেখযোগ্য অভাৱ পূৰণ কৰিব। সোনোৱাল কছাৰী সাহিত্য সভাৰ কৰ্মৰাজি পৃথিৱীৰ সকলো ব্যক্তিৰে পাব পৰাকৈ এটা ওৱেব চাইট খুলিবলৈ সভাৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে এটা ওৱেব চাইট খুলি বিশ্বই পাব পৰাকৈ সুবিধা কৰি দিয়া হয়। জয়তু সোনোৱাল কছাৰী সাহিত্য সভা